70
আমগুৰিঃ অসমৰ ভূমিত অব্যাহত আছে নগা-NSCNৰ দাদাগিৰী৷ কেতিয়াবা অস্ত্ৰৰ বলেৰে ভয়-ভাবুকি দি সহজ সৰল অসমীয়াৰ ওপৰত সন্ত্ৰাস চলোৱাৰ লগতে কেতিয়াবা ঘৰ-দোৱাৰ জ্বলাই সীমান্তৰ অসমীয়াক অসমৰ ভূমিৰ পৰা নগাই খেদি পঠোৱাৰ চক্ৰান্ত কৰা দেখা যায়৷ সীমান্তৰ অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ কোনো ধৰণৰ সুৰক্ষা নাই এই কথা নতুনকৈ কোৱাৰ প্ৰোয়োজন নাই৷
