Home ৰাজ্যনগাঁৱৰ শিলপুখুৰী পঞ্চায়তত ব্যাপক দুৰ্নীতি, দুৰ্নীতি ফাদিল কৰা যুৱকক সংঘবদ্ধ আক্ৰমণ

নগাঁৱৰ শিলপুখুৰী পঞ্চায়তত ব্যাপক দুৰ্নীতি, দুৰ্নীতি ফাদিল কৰা যুৱকক সংঘবদ্ধ আক্ৰমণ

by News Desk
59 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে৷ বিভিন্ন আঁচনি ৰূপায়ণত    ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হয়৷ শিলপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ফাৰহিন চুলতানা আৰু স্বামী জাহাংগীৰ আলমৰ দুৰ্নীতি তথা চৰম মইমতালিত আৰু দৌৰাত্ম্যই পঞ্চায়তবাসীক অতিষ্ঠ কৰি তুলিছে৷ আনকি ক্ষমতাৰ ৰাগিত মতলীয়া জাহাংগীৰে পঞ্চায়তটোত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি আৰু অনিয়ম ফাদিল কৰা যুৱকক শেহতীয়াকৈ দলৱদ্ধভাবে আক্ৰমণ কৰি প্ৰাণ নাশৰ ভাবুকি প্ৰদান কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হয়৷

অভিযোগ মতে, নিজৰ পত্নী পঞ্চায়তটোৰ সভানেত্ৰী হোৱাৰ সুবাদতে একপ্ৰকাৰ পঞ্চায়তটোত উঠি ৰজা বহি ৰজা হৈ পৰা জাহাংগীৰে পঞ্চায়তৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি পঞ্চায়তৰ বিভিন্ন আঁচনিৰ ধন কৌশলেৰে আত্মসাৎ কৰি আহিছে৷ কেৱল নামতহে সভানেত্ৰী হিচাপে থকা পত্নীক গছৰ মূঢ়াৰ দৰে ব্যৱহাৰ কৰি বিগত ২০১৪-১৫ৰ পৰা ২০১৭-১৮ বৰ্ষত পঞ্চায়তটোলৈ আৱন্টিত হৈ অহা এম জি এনৰেগাকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণত চৰম দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লৈ জাহাংগীৰে পঞ্চায়টোৰ উন্নয়ণত বাধাৰ সৃষ্টি কৰিহে আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0