ওদালগুৰিঃ নামনি অসমৰ প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ড পৰ্যটন দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা৷ স্থানীয় ৰাইজ, বিধায়ক, প্ৰশাসন সকলোৱে ব্যাপক ব্যস্ত হাজাৰ হাজাৰ লোকক আদৰিবলৈ৷ ওদালগুৰিৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰাক আগুৱাই নিয়াৰ লগতে বাণিজ্যৰ ক্ষেত্ৰত নতুন সূত্ৰ নিৰ্ধাৰণ কৰি ওদালগুৰিক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ চুবুৰীয়া দেশ ভূটান, চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু চুবুৰীয়া জিলা কেইখনৰ সৈকে ব্যৱসালৰ নতুন দিশ নিৰ্ণয়়ৰ বাবে পৰ্যটন মহোৎসৱ অনুষ্ঠিত হ’ব।
বেহা-বেপাৰ, কৃষিৰ উৎপাদিত সামগ্ৰী, মহিলাই বোৱা কাপোৰ, জনজাতিয় খাদ্য, বস্ত্ৰৰ এখন উপয়ুক্ত বজাৰৰ গঢ়াৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ উত্তৰে অসম-অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ত্ৰিৱেণীসংগমস্থলীত ভৈৰৱকুণ্ড বনভোজস্থলীত অনুষ্ঠিত হ’ব এই উৎসৱ৷ নতুন বছৰৰ সময়ছোৱাত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ডৰ বুকুত ইতিমধ্যে প্ৰতিদিনে হাজাৰ হাজাৰ লোক সমবেত হয়৷ প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটক অহা পৰিলক্ষিত হৈছে।