নগাঁওঃ নগাঁও জিলাৰ ধিং বিধান সভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল বেছামাৰীত মঙলবাৰে শিক্ষা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়৷ মাগুৰমাৰী বিলপাৰ প্ৰাথমিক বিদ্যালয় আৰু মাগুৰমাৰী বিলপাৰ এন আলী এম ই মাদ্ৰাছা কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিৰ উদ্যোগত বেছামাৰী গাঁৱৰ গাঁওবুঢ়া ছিদ্দিক আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা খন৷
শিক্ষক মোস্তাফা ছালিম আহমেদে আতঁ ধৰা সভাত ২০১৬-১৭ বৰ্ষত প্ৰাথমিক আৰু উচ্চ মাধ্যমিকত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বৃত্তি লাভ কৰি গ্ৰাম্য অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা লোকমান হেকিম, ছামিয়া জালাল, (এল পি) আৰু ৰূপচান বাছা, শ্বাহ নৱাজক (এম ই) সম্বৰ্ধনা জনায়। সভাত সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সদস্য নিতুমণি গোস্বামী উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক মুখস্থ বিদ্যাই ছাত্ৰ ছাত্ৰীক উপকৃত নকৰে বুলি কয়।