ডিব্ৰুগড়ঃ ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি ইতিহাস ৰচনা কৰাৰ লগতে অসমীয়া ছবিজগতৰ সোণালী অধ্যায় আৰম্ভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বুধবাৰে ৬৭ সংখ্যক মৃত্যুবাৰ্ষিকী৷ অসমীয়া জাতিৰ বাবে মহান অৱদান আগবঢ়াই যোৱা নাট্যকাৰ লেখক আৰু বোলছবি নিৰ্মাতা, ভাষা-সাহিত্য, কবিতাৰ ওজাক ৰাজ্য খনৰ দল-সংগঠনে তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৰণ কৰিব বুধবাৰে৷
ওৰোটো জীৱন অসমীয়া ভাষা, সাহিত্য, পৰম্পৰা, সংস্কৃতিৰ হৈ কাম কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া গীত-মাতত আধুনিকতাৰ পৰশ পেলোৱা মানুহগৰাকী বুলি কোৱা হয়৷