আমগুৰিঃ চাহ বাগিচাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ এখন চাহ বাগিচাৰ শ্ৰমিক৷ শ্ৰমিকসকলে জীৱন আৰু সম্পত্তিৰ প্ৰশ্নক লৈ চিন্তিত শ্ৰমিকসকলে মঙলবাৰে শ্ৰম কৰিবলৈ যোৱা দেখা নগ’ল৷ কিয়নো বাগিচা খনৰ এগৰাকী যুৱকক বাগিচাৰ ভিতৰতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে দুৰ্বৃত্তই৷ যাৰ বাবে শ-শ শ্ৰমিকে জীৱন আৰু সম্পত্তিৰ চিন্তাত মঙলবাৰে কামলৈ নোযোৱা কৈ থাকে৷
শিৱসাগৰ জিলাৰ আমগুৰি বৰবাম চাহ বাগিচাৰ শ্ৰমিকে মঙলবাৰে কোনো বন্ধ নাই যদিও কামলৈ নোযোৱাৰ ফলত উকা হৈ ৰ’ল বৰবাম চাহ বাগিচা। কিয়নো বাগিচাখনত সোমবাৰে নিশা সংঘটিত হয় এটা অতি হৃদয়বিদাৰক ঘটনা৷ বাগিচা খনৰ অমায়িক, সকলোৰে আপোন যুৱক পাপুক কোনো দুৰ্বৃত্তই হত্যা কৰে৷ মঙলবাৰৰ পুৱাই পাপুৰ মৃতদেহ একাংশ লোকে প্ৰত্যক্ষ কৰাৰ পিছতে হুৱাদুৱা লাগে৷