ডিমাকুছিঃ ৰাজ্যৰ চৌদিশে হাতী-মানুহৰ সংঘাত৷ বনাঞ্চল সমূহ বেদখলকাৰী আৰু চোৰাং ব্যৱসায়ী সকলে ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত হাতী মানুহৰ সংঘাতে চুড়ান্ত ৰূপ লৈছে। খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বনাঞ্চল এৰি জনাঞ্চললৈ প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি অহাটো সৰ্বজনবিদিত। বনৰীয়া হাতীৰ জাকে মানুহৰ ঘৰ-বৰ ভাঙি, খেতি পথাৰ তহিলং কৰি বিস্তৰ ক্ষতি সাধন কৰিছে৷
প্ৰতিদিনে হাতীৰ আক্ৰমণত মানুহ মৰিছে৷ হাতীও মৰিছে প্ৰতিদিনে৷ তাৰ পিছতো শুই আছে ৰাজ্য চৰকাৰ৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে চৰকাৰে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ নিতৌ হাতীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰৰ৷ ফলত নিতৌ বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰাৰ ফলত উজাগৰি নিশা কটাবলগীয়া হৈছে মনুহে৷