ৰঙিয়াঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণ ৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ জিলা সমূহৰ সদৰ, মহকুমা সদৰ, ৰাজহ চক্ৰ কাৰ্যালয় সমূহৰ লগতে চৰকাৰী,-বেচৰকাৰী, অনুষ্ঠান-প্ৰতিষ্ঠানে গণ ৰাজ্য দিৱস পালন বাবে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগতে ৬৯তম গণৰাজ্য দিৱস ২৬ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।
ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সভাপতিত্বত লগতে মহকুমাৰ সহকাৰী আয়ুক্ত কুমাৰ সুৰজিত বৰা, জয়ন্ত দাস, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱা, মহকুমা নিৰ্বাচনী বিষয়া ৰিপণ জ্যোতি নাথ, কঞাৰ ৰাজহ চক্ৰ বিষয়া নয়না বৰা আৰু কমলপুৰৰ চক্ৰ বিষয়া ড০ বেদাংগ তালুকদাৰৰ উপস্থিতিত গণৰাজ্য দিৱস উদযাপনৰ এখন সভা অনুষ্ঠিত হয়।