বোকাজানঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্বি জনগোষ্ঠীৰ লোকেৰে ভৰি পৰিছে কাৰ্বি পাহাৰৰ বোকাজান মহকুমাৰ হানজাংলাংছ’৷ জনগোষ্ঠীটোৰ পুৰুষ-মহিলাই পৰম্পৰাগত সাজেৰে ওলাই আহিছে লাম্মেত আমেইৰ অধিবেশনলৈ৷
সাহিত্য, লোক নৃত্য, গীত, মাতেৰে ৰজন জনাই উঠিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আকাশ-বতাহ৷ বোকাজান মহকুমাৰ হানজাংলাংছ’ৰ ডনছূৰি ক্ষেত্রত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বর্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্বি লাম্মেত আমেই তথা কাৰ্বি সাহিত্য সভাৰ ২৬তম দ্বি-বার্ষিক অধিবেশনত জনগোষ্ঠীটোৰ সাহিত্যৰ উন্নয়নৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷