ডিব্ৰুগড়ঃ উজনি-নামণিৰ খেতিয়কে সদায় হাহকাৰ কৰিব লগা হয়৷ কৃষকে কেতিয়াবা উৎপাদিত ফচলৰ উচিত মুল্য বিচাৰি হাহাকাৰ কৰিব লগা হয়৷ হাতীৰ জাকে খেতি পথাৰ তহিলং কৰাৰ লগতে এটুপি পানীৰ বাবে মূৰে-কপালে হাত দিব লগা হয়৷ চৰকাৰে শীতলীকৰণ গৃহ নিৰ্মাণ নকৰাৰ ফলত কৃষকৰ সামগ্ৰী অধিক সোনকালে নষ্ট হয়৷ ফলত উচিত মূল্য পাবলৈ সক্ষম নোহোৱাৰ ফলত কম দামত বিক্ৰী কৰিব লগা হয়৷
চৰকাৰে কৃষকৰ সামগ্ৰী উচিত মুল্য দি কিনাৰ প্ৰতিশ্ৰুতি দি, পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়ে যদিওঁ সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ প্ৰতিশ্ৰুতি পালন নকৰাত ৰাজ্যৰ কৃষকে আজিও উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ দেহৰ ঘাম মাটিত পেলাই ৰ’দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মুল্য-পথাৰত পানী নোপোৱাত ক্ষোভিত হয় ৰাজ্যৰ কৃষক৷ খেতি পথাৰত পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ পথাৰৰ চিৰাল ফাট প্ৰত্যক্ষ কৰি বৰষুণৰ বাবে ৰৈ থাকিব লগা হয়৷