কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰত শনিবাৰে পুৱাই সেনা-আৰক্ষীৰে এনডিএফবিৰ সংঘৰ্ষ লগাৰ ফলত এগৰাকী এনডিএফবিৰ সদস্য নিহত হয়৷ অভিযানত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুৱা সেনা আৰক্ষীৰে সতে হোৱা সংঘৰ্ষত এনডিএফবিৰ (এচ) এজন দুধৰ্ষ সদস্য নিহত হয়।
নিহত এনডিএফবি সদস্যগৰাকীক গোসাইগাঁও থানাৰ অন্তৰ্গত দুই নং কুসুমবিল গাঁৱৰ বাসিন্দা বিজয় হাজোৱাৰীৰ পুত্ৰ ৰিকাৰ্ডো হাজোৱাৰী (২৬) ওৰফে ৰেখাই বুলি চিনাক্ত কৰা হৈছে৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিস্তল, এটা মেগজিন, চাৰি ৰাউণ্ড সজীৱ গুলী, দুটা মোবাইল হেণ্ডছেট, ১৭ খন ধনদাবী পত্ৰ, ২৩ টা খালী কাৰ্টিজ, তিনি খন কম্বল আৰু বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷