Home ৰাজ্যসাংবাদিক গোৱিন্দ নাথৰ মৃত্যু, সমাজৰ বাবে অপুৰণীয় ক্ষতিঃনাথযোগী সন্মিলনী

সাংবাদিক গোৱিন্দ নাথৰ মৃত্যু, সমাজৰ বাবে অপুৰণীয় ক্ষতিঃনাথযোগী সন্মিলনী

by News Desk
74 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি, কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ প্ৰাক্তন উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক গোৱিন্দ নাথে(৪৭) কালি নিশা অৰ্থাৎ ২৫ জানুৱাৰীৰ নিশা ৯.৪৫ মান বজাত ইহলীলা সম্বৰণ কৰে। দৈনিক অসম কাকতেৰে নৱৈৰ দশকতে সাংবাদিকতা আৰম্ভ কৰা গোৱিন্দ নাথে পৰ্যায়ক্ৰমে দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন, দৈনিক বাতৰি, আমাৰ অসম আদিকে ধৰি কেইবাখনো কাকতত কোকৰাঝাৰৰ পৰা সংবাদসেৱা আগবঢ়োৱাৰ উপৰিও কোকৰাঝাৰৰ পৰা প্ৰকাশিত গণচেতনা নামৰ অধুনালুপ্ত কাকতখনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।

জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই কোকৰাঝাৰৰ একাংশ সংবাদকৰ্মী চিকিৎসালয়ত ভিৰ কৰে আৰু শোকত মিম্ৰয়ান হৈ পৰে। উল্লেখ্য যে ৯০ দশকত সন্ত্ৰাসে জুৰুলা কৰাৰ সময়ছোৱাতে কোকৰাঝাৰৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে সংবাদসেৱাৰ বাবে ওলাই আহে যাৰ অন্যতম হিচাপে পৰিচিত আছিল গোৱিন্দ নাথ। যিসময়ত কোকৰাঝাৰত ফেক্স সেৱাই আৰম্ভ হোৱা নাছিল তেনেসময়তে গোৱিন্দ নাথৰ দৰে কেইগৰাকীমান সাহসী যুৱক যুবতীয়ে অতি প্ৰত্যাহ্বানেৰে আৰম্ভ কৰিছিল সংবাদসেৱা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0