ৰঙিয়াঃ কেইবাগৰাকী প্ৰাক্তন বিধায়কে এআই ইউ ডি এফৰ এৰি আন দললৈ যোৱাৰ সময়তে এখন জিলা সমিতিৰ নেতা-কৰ্মীয়ে অগপ দলত যোগদান কৰিব বিছৰাৰ ঘোষণাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত৷ সভাপতি বদৰুদ্দিন আজমলৰ একানায়কত্ববাদৰ বাবে কেইবাজনো বিধায়কে দলত্যাগ কৰাৰ পিচত পুনৰ দলটোত গৰাখহনীয়া আৰম্ভ হোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে৷ শনিবাৰে দলটোৰ ৰঙিয়া জিলা সমিতিয়ে দলটোৰ পৰা সমূহীয়া পদত্যাগ কৰে।
ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক জেহৰুল হ’কে এক বিবৃতি যোগে জানিবলৈ দিয়ামতে এ আই ইউ ডি এফত দীৰ্ঘদিনৰ পৰা দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ সম্পূৰ্ণ একানায়কত্ববাদ, অগণতান্ত্ৰিকভাবে ডুবাইৰ পৰা দল নিয়ন্ত্ৰণ কৰা, আজমল ফাউণ্ডেচনৰ বেতনভূগী কৰ্মচাৰীৰ দ্বাৰা দল পৰিচালনা কৰা, কোনো ধৰণৰ উন্নয়নৰ নীতি নোহোৱা আৰু ব্যৱসায়ৰ স্বাৰ্থত নীতিহীনভাবে অন্যদলৰ সৈতে ৰাজনৈতিক মিত্ৰতা বজাই ৰখা আদিকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰাৰ বুলি কয়৷