ডিজিটেল ডেস্কঃ ডিমা হাচাও জ্বলিল। নিৰীহৰ তেজৰ চেকুৰাই অসমৰ জাতীয় দল-সংগঠনৰ প্ৰতিবাদী কণ্ঠত শোণিত সানিব পাৰিলে কি নোৱাৰিলে, প্ৰতিজন অসমীয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন সংবেদনশীল লোককে জোকাৰি গ’ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সুৰ্য উঠা দেশ অসমৰ পাহাৰীয়া জিলা ডিমা-হাচাওৰ দুৰ্ভ্যগ্যপুৰ্ণ ঘটনা এটাই। বৃহত্তৰ নাগালিমত পাহাৰীয়া জিলাখনক অন্তৰ্ভূক্ত কৰাৰ বাবে সংঘ পৰিবাৰৰ এজন প্ৰচাৰক জগদম্বা মলেৰ এক প্ৰস্তাব পোহৰলৈ অহাৰ পিছতেই ‘জনমে-মৰণে মই চিৰদিন অসমীয়া’ হৈ থকাৰ পণ লোৱা ভূমিপুত্ৰ ডিমাচাসকল ক্ষোভিত হৈ পৰে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ কৰ্মী তথা নাগালেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিগত চাৰিটা দশক সক্ৰিয় হৈ থকা জগদম্বা মলৰ লগতে সংঘ পৰিবাৰে ডিমা-হাচাওক বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ থকা এই প্ৰস্তাৱৰ বিষয়ে ‘দা ৱায়াৰ’ নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ পৰ্টেলটোৱে প্ৰকাশ পাইছিল। জগদম্বাৰ এই প্ৰস্তাৱসম্বলিত প্ৰতিবেদন অসমৰ বিভিন্ন সংবাদগোষ্ঠীৰো হাতত পৰে আৰু প্ৰকাশিত হোৱাৰ পিছতে ৰাজ্যখনৰ সৰ্বত্ৰে জগদম্বাৰ এনে ‘প্ৰস্তাৱ’ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ভূমিপুত্ৰ ডিমা-হাচাওসকলে আৰএছএচ প্ৰচাৰকজনৰ এনে কাৰ্যক গৰিহণা দি শীঘ্ৰেই ক্ষমা খোজাৰ বাবে দাবী জনায়। ঘটনাই ক্ৰমে অৱনতিৰ ফালে ঢাল খায় আৰু গণতন্ত্ৰ দিৱসৰ আগদিনাই ঘটে অঘটন।