খেৰণিঃ মাইবং কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ মাইবং কাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ পাৰ্বত্য জিলাখনতে ইটোৰ পিছত সিটো প্ৰতিবাদ অব্যাহত আছে৷ মৌন সমদল, প্ৰতিকৃতি দাহ আদিৰে পতিবাদ অব্যাহত আছে৷ একপ্ৰকাৰ জটিল ৰূপ ধাৰণ কৰিছে পাহাৰীয়া জিলাখনত।
মুঠতে পৰম্পৰাগত উৎসৱ বিছো ডিমাৰ আনন্দ উলাহ পৰিহাৰ কৰি, নিজৰ ঘৰ-দুৱাৰ এৰি ৰাজপথলৈ ওলাই আহে ডিমা হাছাওৰ হাজাৰ হাজাৰ লোক। মাণ্ডাদিছা, উমৰংছ’, হাফলং আদিত প্ৰতিবাদী সমদল-পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে যোৱা শুকুৰবাৰে লংকাৰ বর্মনপথাৰত বাহিৰ কৰে মৌন সমদল উলিয়াই বর্মনপথাৰবাসীয়ে।