খেৰণিঃ ইনচান কে ল্যিয়ে কানুন হ্যোতাহে৷ আদালত হ্যোতা হে৷ লাঠি, পানী, গেছ কুছ ন্যেহি ইস্তেমাল ক্যায়া? চিধা গুলী চ্যালায়ে৷ এতিয়া ডিমাচা জনগোষ্ঠীৰ পুৰুষ-মহিলাৰ মুখে মুখে এই মন্তব্য৷ শনিবাৰে পুনৰ ৰাজ পথলৈ ওলাই আহি ডিমাচা জনগোষ্ঠীৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে৷ জিলাখনৰ দিয়ুংব্ৰাৰ ৰাজপথত হাজাৰ হাজাৰ লোক ওলাই আহি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। পৰম্পৰাগত ডিমাছা জাতীয় উৎসৱ-আনন্দ সকলো এৰি ৰাজপথলৈ ওলাই আহি মাইবং কাণ্ডত নিহত যুৱকৰ ন্যায় বিচাৰে।
আৰ এছ এছৰ নেতা জগদম্বা মল, জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দিয়ুংব্ৰাত শনিবাৰেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ডিমাচা মাতৃ সমাজে আমি কেতিয়াও ক্ষান্ত নহও বুলি কয়৷ ডিমাচা মাতৃ কেতিয়াও ক্ষান্ত নহও বুলি কৈ পুত্ৰ হেৰুওৱাৰ বেদনা কিমান ডিমাচা মাতৃয়ে জানে৷ DC নহলে চলিব আমাৰ জিলা৷ আমি DC নহলেও চলিব পাৰিম৷ এই DCক কপিলী নৈ পাৰ কৰি দিব লাগিব৷ ডিমাচা জনগোষ্ঠীৰ মহিলাই এই মন্তব্য আগবঢ়ায় জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক বদলি কৰাৰ দাবী জনায়৷ ডিমাচা জনগোষ্ঠীৰ নাৰীয়ে আমি ডিমাচা বাবে আমাক এলাগী কৰা হয়৷