কোকৰাঝাৰঃ গ্ৰাম্য অঞ্চলৰ লোকৰ সুবিধাৰ্থে ভৰতীয় সেনাই কোকৰাঝাৰত নিৰ্মাণ কৰা বজাৰ গৃহ দেওবাৰে ৰাইজৰ বাবে মুকলি কৰা হয়৷ কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ শৰাইবিলত সেনাবাহিনীৰ তৃতীয় ৰাজপুত ৰেজমেণ্টে অপাৰেচন সদ্ভাৱনাৰ অধীনত নিৰ্মাণ কৰি উলিওৱা বজাৰগৃটো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে৷
অপাৰেচন সদ্ভাৱনাৰ অধীনত নিৰ্মাণ কৰি উলিওৱা বজাৰগৃহ মুকলি কৰি ভাৰতীয় সেনাবাহিনীৰ এনে জনমুখী কাৰ্যক প্ৰশংসা কৰি সেনা আৰু বিটিচিৰ যৌথ উদ্যোগত “বিটিচি মহিলা গুডউহল ফুটবল প্ৰতিযোগিতা” আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে বৰগয়াৰীয়ে৷