70
ফিল’বাৰী/ডিব্ৰুগড়ঃ তিনিচুকীয়া জিলাৰ বৰডুমচাত বুধবাৰৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ অধিবেশন৷ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ সমীপৰ ৰিতুপথাৰৰ বডৌচা সমন্বয় ক্ষেত্ৰৰ লগতে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ চিংফৌ হেৰিটেজ চেন্টাৰত পাঁচ দিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ৭৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশন৷ ৩১ জানুৱাৰী অৰ্থাৎ বুধবাৰে পুৱাৰে পৰা হাজাৰ হাজাৰ লোক গোট খাইছে অধিবেশন থলীত৷
