গুৱাহাটীঃ বিভিন্ন সংস্কৃতি,পৰম্পৰাৰে চহকী অসমভূমি৷ বিভিন্ন জাতি-জনজাতিৰ কৃষ্টি-সংস্কৃতিৰ সমন্বয়ত মহীয়ান হৈছে অসমীয়া সংস্কৃতি৷ অসম মূলূকত বসতি কৰি থকা ভিন ভিন ধৰ্মাৱলম্বী লোকৰ উৎসৱ-পাৰ্ৱন সমূহে বহন কৰি আহিছে অসমীয়া জাতিৰ ঐতিহাসিক পৰিচয়৷
অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি গাঁৱত বসবাস কৰি আছে বৌদ্ধ ধৰ্মাৱলম্বীৰ বহুলোক ৷ এই লোকসকলে প্ৰতি বছৰে পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰি আহিছে তেওঁলোকৰ উৎসৱ সমূহ ৷ ‘মাই-কো-ছুম-ফাই বা মাই- মে- ফুং উৎসৱ’ বৌদ্ধ ধৰ্মৰ এটি উল্লেখনীয় উৎসৱ ৷