বিহালীঃ পৰিৱৰ্তনৰ ফটা ঢোল বজাই ভোট ভিক্ষা কৰি শাসনৰ গাদীত বহা বিজেপি চৰকাৰৰ নিৰ্দেশত কৰ্মৰত এচাম কৰ্মীৰ বাবে নিতৌ ফাদিল হ’ব ধৰিছে প্ৰতিটো বিভাগৰ একো একোটা ফোপোলা স্বৰূপ ৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰখনে নতুনকৈ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ যিমানেই নতুন নতুন নিৰ্দেশনা জাৰি কৰিছে কাৰ্যতঃ সকলোবোৰ যে ভেকোভাওনাত পৰিণত হৈছে সেয়া পুনৰবাৰ প্ৰমাণিত হৈছে নৱগঠিত বিশ্বনাথ জিলাৰ বিহালী শিক্ষা খণ্ডত ।
শিক্ষাৰ দৰে সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ সেৱাৰ দায়িত্বত নিয়োজিত হৈ বিভাগটোৰ এটা গুৰুত্বপূৰ্ণ পদবীত থাকি কেনেকৈ মাহৰ পিছত মাহ ধৰি কাৰ্যালয়লৈ নোযোৱাকৈ বিহালী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ স্বাক্ষৰত মাহেকে অৰ্ধ লক্ষাধিক টকাৰ দৰমহা আদায় কৰি আছে, সিও এক অতি ৰহস্য জনক আৰু গুৰুত্বপূৰ্ণ বিষয় ।