ডিজিটেল ডেস্কঃ অৱশেষত বিজেপি এৰিবলৈ বাধ্য হ’ল প্ৰভাৱশালী নেতা বিজেপিৰ নেতা সুৰজ পল অমুই৷ প্ৰায় পদ্মাৱত বোলছবি চিত্ৰগ্ৰহণ হৈ থকা সময়ত অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য ৫ কোটি টকা ঘোষণা কৰিছিল হাৰিয়ানাৰ এগৰাকী যুৱকে৷
তাৰ পিছত বিজেপিৰ নেতা সুৰজ পল অমুই অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য দুগুণ কৰি ১০ কোটি টকালৈ বৃদ্ধি কৰে৷ যিয়ে তেওলোকৰ মুৰ-নাক কাটি আনিব তেওলোকক ১০ কোটি দিম বুলি ঘোষণা কৰিছিল৷ তাৰ পিছৰে পৰা বিতৰ্কত সোমাই পৰিছিল বিজেপিৰ প্ৰভাৱশালী নেতাগৰাকী৷