ডিজিটেল ডেস্কঃ মালয়ালম আৰু ইংৰাজী সাহিত্যৰ প্ৰখ্যাত, প্ৰথিতযশা লেখিকা, কবি কমলা দাসক Google Doodle-এ তেওঁৰ ফটো ব্যৱহাৰ কৰি তেওঁক সন্মান প্ৰদান কৰে৷ কমলা দাসৰ ১৯৭৬ চনত ‘My Story’ নামৰ আত্মজীৱনী খন প্ৰকাশ পাইছিল৷ ‘My Story’ৰ বৰ্ষপূৰ্তি উপলক্ষে Google Doodle-এ এই সন্মান প্ৰদান কৰে লেখিকাগৰাকীক স্মৰণ কৰে৷
বৃহস্পতিবাৰে পুৱাৰে পৰা Googleৰ আৰম্ভণি পেজত লেখিকাগৰাকীৰ ফটো সংলগ্ন কৰে৷ সমাজসেৱিকা, প্ৰথিতযশা লেখিকা আছিল বিশাল নেতৃত্বৰ অধকাৰী৷ সাহসী লেখিকা ৰূপে পৰিচিত সাহিত্য আৰু সমাজৰ বাবে অহৰহ কাম কৰা কমলা দাস ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ অলেখ গ্ৰন্থ আছে৷ যিসমূহ গ্ৰন্থৰ চৰ্চা, প্ৰয়োজনীয়তা, সামাজিক বাৰ্তা সদায় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে৷