জোনাইঃ বৃহস্পতিবাৰৰ পৰা ধেমাজি জিলাৰ জোনাইত আৰম্ভ হৈছে মিছিং জনগোষ্ঠীৰ জাতীয় সংগঠন মিছিং বাঃনে কেবাঙ জাতীয় মহাসভাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় অধিবেশন৷ ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনৰ বৃহস্পতিবাৰে পুৱা এক উখল মাখল পৰিবেশৰ সৃষ্টি হয় আবতানি লত্তাত৷
ধেমাজি জিলাৰ জোনাই মহকুমাৰ আবতানি লত্তাত অনুষ্ঠিত হোৱা অধিবেশনৰ আবতানি লত্তা উদ্ধোধন কৰে অৰুণাচল প্ৰদেশৰ আদি বাঃনে কেবাঙৰ সভাপতি টনি পেৰটিনে৷ কাৰ্যসূচীত উপস্থিত থাকে মিছিং বানে কেবাঙৰ কেন্দ্ৰীয় সভাপতি তথা মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়াই৷ মিছিঙসকলৰ পৰম্পৰা দঞি পল ধৰ্মীয় ৰীতি-নীতিৰে উদ্ধোধন কৰাৰ লগতে প্ৰদৰ্শন কৰে৷