ডিফুঃ জীৱ শ্ৰেষ্ঠ মানুহে ক্ৰমান্বয়ে হেৰাই পেলালে নেকি মানৱতা৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ উত্থানে মানুহক সভ্যতাৰ উচ্চ শিখৰলৈ নিয়া বুলি চৰ্চা হোৱাৰ সময়তে একাংশ লোকৰ কৰ্মকাণ্ডই মানুহ যে ক্ৰমান্বয়ে মানৱতাহীন হৈ পৰিছে তাকেই প্ৰমাণ কৰে৷ ঐকৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সচাকৈয়ে মানুহৰ মানৱতাৰ স্খলন হ’ল নেকি৷ মৰম, ভালপোৱা, স্নেহ হেৰাই গ’ল নেকি৷ নিজ গৰ্ভত থিতাপি লোৱা সন্তানক শিয়াল-কুকুৰৰ মুখলৈ দলিযাই দিব পৰা হ’ল নেকি মানৱে৷
বিগত সময়ত কামৰূপৰ আজাৰাত, ঢেকীয়াজুলি, বালিপৰা আদি ঠাইত সদ্যোজাত কেচুৱাক শিয়াল কুকুৰৰ মুখত পেলাই থৈ যোৱাৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই এনেবোৰ প্ৰশ্নই মানুহৰ মনত উক দিছে৷ যিটো সময়ত এটি সন্তানৰ বাবে সন্তাহীনা দম্পত্তীয়ে এটি সন্তানৰ বাবে হাহাকাৰ কৰি ডাক্তৰ, কবিৰাজৰ ওচৰত ঘুৰি লাখ লাখ টকা খৰছ কৰে সেই সময়তে সমাজৰ গ্লানিৰ ভয়ত নিজ গৰ্ভত থিতাপি লোৱা সন্তানক জংঘলত দলিয়াই দিয়া প্ৰথা আৰম্ভ হৈছে ৰাজ্যত৷