ডিব্ৰুগড়ঃ লাহে লাহে এৰাবাৰীত পৰিণত হ’ব ধৰিছে ৰাজ্যৰ শিক্ষাখণ্ড৷ গুণোৎসৱৰ জৰিয়তে অসমৰ শাসকসকলে চৰকাৰী বিদ্যালয় সমূহৰ মানদণ্ড নিৰূপন কৰি থকাৰ সময়তে সমগ্ৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৱেই এৰাবাৰীত পৰিণত হ’ব ধৰিছে ৷
অসমৰ বহু ঠাইত ৰাইজে গঢ়া বহুত বিদ্যালয়ৰ অকাল মৃত্যু হ’ব ধৰিছে। শিক্ষাত ব্যয় সংকোচন কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত তথা চৰকাৰী শিক্ষানুষ্ঠানক গুৰুত্ব নিদিয়াত বহু চৰকাৰী বিদ্যালয় মৃত্যু মূখত পৰে ৷ ইয়াৰ মূলতে হ’ল ব্যক্তিগত বিদ্যালয় সমূহৰ আগ্ৰাসন৷