ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী, কেইবাখনো দেশৰ নেতা, বিনিয়োগকাৰীৰ উপস্থিতিত শনিবাৰৰ পৰা ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে Advantage Assamৰ Global Investor Summit৷ ১৬০ খন MoU স্বাক্ষৰ হ’ব লগা Advantage Assamৰ বাবে অসম ভৰি পৰিছে দেশী-বিদেশী আলহীৰে৷ শনিবাৰে পুৱা ১১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে খানাপাৰাত উপস্থিত হয়৷
তাৰ পিছতেই সৰুসজাইলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী৷ এডভাণ্টেজ আচামৰ প্ৰদৰ্শনস্থলীত মোডীয়ে বাহ-বেতৰ সামগ্ৰী পৰ্যবেক্ষণ কৰে৷ দেশী-বিদেশী আলহী অহাৰ পূৰ্বে চৰকাৰে গুৱাহাটী মহানগৰীক সজাই পৰাই তোলা৷ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰিব খুজি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত একত্ৰিত কৰি অসমৰ বাণিজ্যিক পৰিস্থিতিৰ সৈতে মুখামুখি কৰাৰ চেষ্টা চলােৱাৰ সময়তে গুৱাহাটী মহানগৰীৰ একাংশ বিদ্যালয় শনিবাৰে বন্ধ থকা দেখা যায়৷