ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীক সহায় কৰি আহিছে পাকিস্তানে৷ এই কথা বাৰে বাৰে প্ৰমাণ হৈছে৷ এইবাৰ NIA দাবী কৰা মতে জম্মু কাশ্মীৰৰ হুৰিয়তৰ নেতাৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে পাকিস্তান চৰকাৰে৷ NIA-এ আদালতত জমা দিয়া এখন চিঠিত এই কথা উল্লেখ কৰে৷
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে হাৱালা কেলেংকাৰীৰ অভিযুক্ত ব্যৱসায়ী জাহুৰ আহমেদ শাশ ওৱাটালিয়ে৷ এই চিঠি খন উদ্ধাৰ হয় ব্যৱসায়ী জহুৰৰ ঘৰৰ পৰা৷ চিঠিত উল্লেখ থকা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম NIA ৰাজহুৱা কাৰ নাই৷