ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ চৰকাৰে কিন্নৰ সকলৰ বাবে এখন বৰ্ড গঠন কৰাৰ কথা ঘোষণা কৰিছে৷ কিন্নৰ কল্যাণ বৰ্ড নামেৰে গঠিত হ’ব লগা এই বৰ্ডখনৰ জৰিয়তে ৰাজ্যৰ সকলো লোকৰে কল্যাণ সাধন কৰিব পৰাকৈ প্ৰাৰম্ভিক পাঁচ কোটি টকাৰ ধনৰাশি আগবঢ়াইছে ৷
মহাৰাষ্ট্ৰৰ সামাজিক ন্যায় ৰাজ্য মন্ত্ৰী ন্যায়মূৰ্তি দিলীপ কাম্বলে জানিবলৈ দিয়া মতে এই বৰ্ডখন অতি শীঘ্ৰেই গঠন কৰা হ’ব৷ এই বৰ্ডৰ জৰিয়তে কিন্নৰ সকলৰ শিক্ষা, কৰ্ম সংস্থাপন, গৃহ নিৰ্মাণ আৰু স্বাস্থ্য আঁচনিৰ যোগেদি সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷