ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় চিবিআইৰ বিশেষ আদালতে ০৬ জানুৱাৰীত লালু প্ৰসাদ য়াদৱৰ শাস্তিৰ ৰায় ঘোষণা কৰিছিল৷ লালু প্ৰসাদ য়াদৱক তিনি বছৰ ৬ মাহ জেলত থাকিব লগাৰ লগতে ৫ লাখ টকা জৰিমণাৰ সৈতে শাস্তি ঘোষণা কৰাত বৰ্তমান লালু প্ৰসাদ য়াদৱে জেলতে সময় অতিবাহিত কৰিছে৷ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে সদায় আক্ৰমণাত্মক লালুৱে জেলৰ ভিতৰৰ পৰাও বিজেপি দল আৰু চৰকাৰক এৰা নাই৷
বিভিন্ন সময়ত জেলৰ ভিতৰত দল আৰু পৰিয়ালৰ লোকৰ সৈতে সাক্ষাৎ হৈ থকাৰ সময়ত দেশৰ ৰাজনীতিৰ খবৰ লোৱাৰ লগতে চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আহিছে৷ ৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে ঘোষণা কৰিছিল ০৬ জানুৱাৰীত৷ বৰ্তমান ৰাঁচিৰ বিৰছা মুণ্ডা চেন্ট্ৰাল জেলৰ বাসিন্দা লালু।