নগাঁওঃ অসমৰ অন্যতম ভূমিপুত্ৰ তিৱা জনগোষ্ঠী বৰ্ণিল সংস্কৃতিৰে টনকীয়াল৷ ঐতিহ্যমণ্ডিত তিৱা জনগোষ্ঠীৰ উৎসৱ সমূহ সদায় ৰাজকীয়৷ তিৱাসকলৰ উৎসৱত নানা সংস্কৃতি, লোক কৃষ্টি, পৰম্পৰাৰ সমাহাৰ ঘটে৷ নৃত্য-গীতে, আয়তীৰ নামে ৰজনজনাই তিৱা জনগোষ্ঠীৰ লোক উৎসৱ সমূহত৷
কদালীপৰিয়া গীতৰ সৈতে পাটিঢোল, তাল, মহৰ শিঙৰ পেঁপা হাতে হাতে লৈ উচাহৰ পৰিবেশ সৃষ্টি কৰে তিৱাসকলৰ ‘পিচু’ উৎসৱত৷ এই উৎসৱত গদালীপৰিয়া গীত জুৰি মতলীয়া হয় তিৱাসকল৷ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়াৰ খাতগুৰি পথাৰত বেবেজীয়া জনজাতি জ্ঞানজ্যোতি সংঘ আৰু পুথিভঁড়ালৰ উদ্যোগত তিৱা জনগোষ্ঠিৰ বিহু উৎসৱ ‘পিচু’ উৎসৱ দেওবাৰে পালন কৰা হয়। ‘পিচু’ উৎসৱত মনাচি-বাগি মতলীয়া হৈ পৰে ডেকা-গাভৰু৷