ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লিখি উলিওৱা এখন গ্ৰন্থ শনিবাৰে উন্মোচন কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভেৰকাৰে৷ ‘Exam Warriors’ নামৰ শিশুৰ উপযোগী গ্ৰন্থখন ব্যস্ততাৰ মাজতো লিখি উলিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ১৯৩ পৃষ্ঠাৰ গ্ৰন্থখনত পৰীক্ষা সন্দৰ্ভত উল্লেখ আছে৷
অভিভাৱক, শিক্ষকে ছাত্ৰ-ছাত্ৰীক ভাল নম্বৰৰ বাবে জোৰ দিয়া কাৰ্যৰ কথা কৈ পৰীক্ষাক উৎসৱ আৰু কেনেদৰে পালন কৰিব লাগে তাৰ ২৫টা মন্ত্ৰ উল্লেখ আছে৷ পৰীক্ষাৰ বাবে জোৰ দিয়াৰ প্ৰযোজন নাই এই সন্দৰ্ভত গুৰুত্ব দিছে গ্ৰন্থ খনে৷ শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সন্মুখীন হ’বলৈ শিকিব লাগিব এই কথাই গ্ৰন্থ খনত উল্লেখ আছে বুলি জানিব পৰা যায়৷