ৰঙিয়াঃ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ অগপৰ নেতাই আকৌ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি ললে বিজেপি দলক৷ প্ৰাক্তন মুখ্যমন্ত্ৰী অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰ সৈতে লগলাগি মিত্ৰজোঁটৰ চৰকাৰ চলাই থকাৰ পিছতো আকৌ এবাৰ সোচ্চাৰ হ’ল বিজেপি তথা সৰ্বভাৰতীয় দলৰ বিৰুদ্ধে৷ ৰাজ্য চৰকাৰে দেশ-বিদেশৰ বিনিয়োগকাৰীক অসমলৈ মাতি আনি বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ সময়তে সৰ্বভাৰতীয় দলৰ বাবে অসমৰ উদ্যোগ সমূহ এটা এটাকৈ বন্ধহৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি আওপকীয়াকৈ বিজেপিক জগৰীয়া কৰে মহন্তই।
বিশেষকৈ ৰঙিয়াৰ এপ’ল মিল, জাগিৰোডৰ কাগজ কলৰ লগতে অসমৰ চেনীকল সমূহ বন্ধ হৈ পৰাৰ বাবে ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছক দোষাৰোপ কৰে মহন্তই। বৰ্তমান চৰকাৰখনে এইক্ষেত্ৰত যিধৰনে ব্যৱস্থা গ্ৰহন কৰিব লাগিছিল তেনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি কয় মহন্তই। দেওবাৰে অগপৰ ৰঙিয়া সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন কৰ্মী সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে।