গুৱাহাটীঃ দেওবাৰে গুৱাহাটী মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চিপিআইএমৰ এখন সমাবেশ অনুষ্ঠিত হয়৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেল-যাত্ৰীবাহী বাছ আদিৰে পুৱাৰে পৰা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সমবেত হয় শ-শ লোক৷ চিপিআইএমৰ অসম ৰাজ্যিক সন্মিলন উপলক্ষে অনুষ্ঠিত হয় সমাবেশ।চিপিআইএম নেতা উদ্ধব বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত চিপিআইএমৰ পলিটব্যুৰৰ সদস্য এছ আৰ পিল্লাই অংশ গ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি দৰিদ্ৰ বিৰোধী চৰকাৰ আখ্যা দিয়ে৷
বাজেটত মধ্যবিত্ত, মহিলা, শ্ৰমিকৰ বাবে একো নাই বুলি সকলো বিভাগকে ব্যক্তিগত খণ্ডক গতাই চৰকাৰে ব্যৱসায়ীৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰা বুলি কয়। দেশত এতিয়া সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু কৰ্পৰেট গোষ্ঠীৰ চৰকাৰ চলা বুলি অভিযোগ কৰে পিল্লায়ে৷ মোডীয়ে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দেশত কৃষকে আত্মহত্যা কৰাৰ ঘটনাই ৰেকৰ্ড কৰা বুলি কয়৷ দেশৰ আৰ্থিক অৱস্থা বেয়াৰ দিশে যোৱাৰ ফলতেই যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন হেৰুওৱাৰ লগতে উদ্যোগ বন্ধ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে চিপিআইএমৰ নেতাগৰাকীয়ে।