ডিমাকুছিঃ লাঞ্চিত-বঞ্চিত চাহ শ্ৰমিকৰ হৈ ওৰে জীৱন সংগ্ৰাম কৰি অৱশেষত বিদায় ললে তুলসী কুজুৰে৷ চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধি, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, বিদ্যুৎ সেৱা আদিৰ বাবে সংগ্ৰাম কৰি জনপ্ৰিয় হৈ পৰা তুলসী কুজুৰেদেওবাৰে ৬২ বছৰ বয়সত ওদালগুৰি জিলাৰ ডিমাকুছিৰ শুৱলাৰ নিজ বাস ভৱনত মৃত্যুক আকোৱালি লয়৷
বিশিষ্ট সমাজকৰ্মী, চাহ জনজাতি নেতা, দৰং জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ কৰ্মী তুলসী কুজুৰে দীৰ্ঘ দিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল৷