76
বিহালীঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আহিছে বনাঞ্চল ধ্বংসৰ কাৰ্য ৷ প্ৰতিশ্ৰুতিৰ ঢল বোৱাই ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে উন্নয়নৰ নামত লৈছে শামুকীয়া গতি আনহাতে বন ৰাজ্য সেউজীয়া পাহাৰ কেই খন ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই।
আনহাতে নিৰ্বাচনৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ কৰাৰ বৰ বৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি, অগপ, বিপিএফৰ মিত্ৰ জোঁটে। বৰ বৰ কথা কোৱা চৰকাৰ খনে এতিয়া বনজ সম্পদ ৰক্ষাত বিফল হৈছে৷