খেৰণিঃ প্ৰকৃতিৰ ৰাণী খ্যাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সেউজীয়া পাহাৰ এফালৰ পৰা ধ্বংস কৰি যোৱাৰ দৃশ্যই প্ৰকৃতি প্ৰেমীৰ বুকু কপি উঠিছে৷ পাহাৰীয়া জিলা খনৰ গছ-গছনিৰে ভৰি থকা পাহাৰ এক্সভেটৰেৰে দিনে-নিশাই খনন কৰি কয়লা উলিয়াই থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এফালৰ পৰা সেউজীয়া পাহাৰ ধ্বংস কৰি যোৱাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা নোলোৱাত একাংশ বীৰাপ্পান সদৃশ লোকে দিনে নিশাই পাহাৰ ধ্বংস কৰি খনন কৰিছে কয়লাৰ বাবে৷ বৃহৎ পাহাৰ ধ্বংস কৰাৰ পিছতো যেন ধৰোতা কোনো নাই৷
কাৰ্বি পাহাৰৰ বকলিয়াঘাটৰ পৰা প্ৰায় ১২ কিঃ মিঃ নিলগৰ লাংমিলী, ডিছামা আৰু ডিছুফাই গাঁও এলেকাৰ পৰা প্ৰায় ১০ কিঃ মিঃ এলেকাত এতিয়া পাহাৰ ধ্বংস কৰাৰ বাবে যুদ্ধ সদৃশ পৰিৱেশ৷ অবৈধ বনদস্যুৱে এক্সভেটৰেৰে অবৈধ কয়লা খনন কৰি ডাম্পাৰেৰে কঢ়িয়াই লাখ লাখ টকা উপাৰ্জন কৰি আহিছে৷ জানিব পৰা মতে, ১ ফেব্ৰুৱাৰীৰ পৰা কেইবাখনো ডাম্পাৰ আৰু এক্সভেটৰেৰে পূৰ্ণ গতিত কাৰ্বি পাহাৰত বনদস্যুৱে অবৈধ কয়লা খনন আৰু সৰবৰাহ কৰি গৈছে।