তেজপুৰঃ ৰক্তদান নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটাই সোমবাৰে এটি কাৰ্যালয় মুকলি কৰে তেজপুৰত৷ ৰক্তদানৰ দৰে মহান কামত জৰিত হৈ ৰোগীক সময়ত ৰক্ত দানেৰে সহায়ৰ হাত আগবঢ়োৱা অনুষ্ঠানটোৱে দহৰ হকে কাম কৰাৰ বাবে কাৰ্যালয় মুকলি কৰা বুলি কয়৷
মানৱতাৰ সেৱাকে প্ৰাধান্য দিয়াৰ লক্ষ্য আৰু উদ্দেশ্যেৰে কাম কৰা যোৱা অনুষ্ঠানটোৱে ৰবিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীক তেজ যোগান ধৰাৰ লগতে তেজৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰি মহান কাম কৰি গৈছে৷ ৰক্তদানৰ লগতে বিভিন্ন সামাজিক কাম কৰিও সকলোৰে সহযোগিতাত আগুৱাই যাবলৈ চেষ্টা কৰি কাৰ্যালয় মুকলি কৰে ৰক্তদানে।