ডিজিটেল ডেস্কঃ দেশত এতিয়া পকৰাক লৈ আৰম্ভ হৈছে ৰাজনীতি৷ এটি ব্যক্তিগত খণ্ডৰ নিউজ চেনেলত পকৰাৰ কথা উল্লেখ কৰাৰ পিছৰে পৰা বিভিন্ন লোকে পকৰাৰ ৰাজনীতিতিত জপিয়াই পৰিছে৷ এইবাৰ পকৰাক প্ৰতিবাদৰ মাধ্যম হিচাপে ললে দেশৰ উচ্চ শিক্ষিত যুৱকে৷ দেওবাৰে বাংগালুৰুত অনুষ্ঠিত হোৱা বিজেপিৰ এখন সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ লবলৈ যোৱাৰ সময়তে একাংশ শিক্ষিত যুৱকে পকৰা লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
সমাৱেশ স্থলীৰ কিছু মিটাৰ নিলগত একাংশ উচ্চ শিক্ষিত ছাত্ৰই পকৰা বিক্ৰী কৰি প্ৰতিবাদ সাব্যস্ত কৰে যদিও আৰক্ষীয়ে প্ৰতিবাদী ছাত্ৰসকলক সমাৱেশ আৰম্ভ হোৱাৰ আগতেই স্থলীৰ পৰা আঁতৰাই পঠিওৱাৰ চেষ্টা কৰিছিল৷ জানিব পৰা মতে, চাকৰিক মোডীয়ে পকৰা বেচা কাৰ্যৰ সৈতে তুলনা কৰি দিয়া মন্তব্যৰ বিৰোধিতা কৰি ছাত্ৰসকলে ডিগ্ৰীধাৰীৰ প্ৰতীকি চোলা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷