মুছলপুৰঃ দেওবাৰৰ পৰা লোকে লোকাৰণ্য হৈ পৰিছে বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰ৷ যোৱা প্ৰায় দুমাহৰ প্ৰস্তুতিৰ অন্তত দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা বড়ো জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ ৫৭ সংখ্যক অধিৱেশন উপলক্ষে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হৈছে৷ সোমবাৰে পুৱাই বড়ো সাহিত্য সভাপতি তৰেণ বড়োৱে পতাকা উত্তোলন কৰি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷
তৰেণ বড়োৱে দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ লেখকৰ বিশ খন গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ কৰাৰ কথা ঘোষণা কৰে৷ আনহাতে বড়ো ভাষাক পূৰ্ণাংগ ভাষা নহয় বুলি কোৱা কথাষাৰে বড়ো জাতিক দূখ দিয়া বুলি কৈ যেতিয়ালৈ অসম সাহিত্য সভাৰ সভাপতি পৰমান্দ ৰাজবংশীয়ে এই মন্তব্য উঠাই নলয় তেতিয়ালৈ অসম সাহিত্য সভাৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক বৰ্ত্তাই নৰখাৰ কথা উল্লেখ কৰে৷