মোৰাঝাৰঃ গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰূপন কৰি শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিলেও শিক্ষা বিভাগৰ একাংশ শিক্ষক কৰ্মচাৰীয়ে হেঙাৰ হৈ থিয় দেখা যায়। মন্ত্ৰীগৰাকীয়ে সংস্কাৰ সাধন কৰিবলৈ যিমানেই অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে, সিমানেই উন্মোচিত হ’ব ধৰিছে একাংশ বিদ্যালয়ৰ স্বৰূপ ৷
এচাম দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী-শিক্ষকৰ বাবে শিক্ষা বিভাগটোত ঘূণে ধৰিবলৈ আৰম্ভ কৰা দেখা যায়৷ শিক্ষা বিভাগৰ একাংশ শিক্ষক আৰু বিষয়া-কৰ্মচাৰীয়ে অনৈতিকতাৰ আশ্ৰয় লৈ শিক্ষা বিভাগটোক ধ্বংসৰ পথলৈ লৈ যাব ধৰিছে৷ শিক্ষামন্ত্ৰীজনে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে যদিও একাংশ দুৰ্নীতিগ্ৰস্থ শিক্ষকে সেই নীতি নিৰ্দেশনাক অমান্য কৰি ছাত্ৰ ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷