চাবুৱাঃ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো দোষ শিক্ষকসকলক জাপি দি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি থকাৰ সময়তেই ডিব্ৰুগড় জিলাৰ চাবুৱাত দেখা গৈছে শিক্ষা বিভাগৰ এখন লজ্জাজনক ছবি। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিৰ জৰিয়তে অলপতে ডিব্ৰুগড় জিলাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনত থকা চৰকাৰী বিদ্যালয়সমূহ নিৰীক্ষণ কৰি শিক্ষা বিভাগৰ প্ৰকৃত ছবি পোহৰলৈ আনে।
উল্লেখ্য যে বৃহত্তৰ চাবুৱা অঞ্চলত যোৱা ৪ মাৰ্চ আৰু ১২ এপ্ৰিলত প্ৰচণ্ড ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল কেইবাখনো বিদ্যালয়ৰ বাসগৃহ। কিন্তু ৯ মাহ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে বিদ্যালয়সমূহ নিৰ্মাণ কৰিবলৈ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা দেখা নগ’ল। ফলত এতিয়া বহু চৰকাৰী বিদ্যালয়ত এটা কোঠাতে ৫টাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে।