ডিজিটেল ডেস্কঃ টপচেম এএছজেএ-ৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত উত্তৰ-পূব ক্ৰীড়া সমাৰোহৰ বদৰুদ্দিন আহমেদ সোঁৱৰণী টেবুল টেনিছ প্ৰতিযোগিতাৰ দলগত শাখাত জি-প্লাছ দলে দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীক ২-১ গেমৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলাৰ একক শাখাত দ্বিতীয় বাৰৰ বাবে মণিপুৰৰ এছ. চুনীতা দেৱীয়ে বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷
দেৱীয়ে সতীৰ্থ জয়ালক্ষ্মীক ২-০ ব্যৱধানত হৰুৱাই বিজয়ীৰ খিতাপ দখল কৰে৷ পুৰুষৰ শাখাত চেম্পিয়ন হয় মণিপুৰৰ টি, নিৰ্মল ৷ ২-০ গেমত নিৰ্মলে মণিপুৰৰে লেনিন্দ্ৰ সিঙক পৰাভূত কৰে৷