তুলসীবাৰীঃ হত্যা, হিংসা, ধৰ্ষণ, অন্যায়, অবিচাৰ অবিশ্বাস আদিৰে সমগ্ৰ বিশ্বতে এক অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছে৷ মানুহে মানুহক অবিশ্বাস, আক্ৰমণ, সংঘাত কৰি অহাৰ ফলত পৃথিৱীত এক অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷
পৃথিৱী খনলৈ শান্তি ঘুৰাই অনাৰ লক্ষ্যৰে ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিছেন্নালাত হিত সাধিনি সংঘই অহা ২১-২৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত কৰিব মহাবিষ্ণু যজ্ঞ। ৬৯ সংখ্যক মহাবিষ্ণু যজ্ঞ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে নাগাৰা নাম পৰিৱেশন কৰিব ৰামচৰণ ভড়ালী আৰু চণ্ডীচৰণ পাটোৱাৰীয়ে।