কাজিৰঙাঃ ভাৰতবৰ্ষ তথা অসমৰ সংবাদ মাধ্যম একাংশ ৰাজনৈতিক দলৰ নেতা তথা পূঁজিপতিৰ হাতোৰাত বন্দী বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ একাংশ সংবাদ প্ৰতিষ্ঠান শাসকীয় দলৰ মুখপাত্ৰৰ ভাও ধৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতো একাংশ সাংবাদিকে গণতন্ত্ৰৰ চকুৰ্থ স্তম্ভক পবিত্ৰ কৰি ৰখাৰ বাবে কাম কৰি গৈছে৷ বিভিন্ন পক্ষৰ সমালোচনা তথা সাংবাদিকত হত্যা আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ পিছতো সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক অটুট ৰখাৰ বাবে ৰাজ্য খনৰ উজনি-নামনিত একাংশ যুৱ সাংবাদিকে কাম কৰি গৈছে৷
