ৰঙিয়াঃ চলন্ত ৰেলৰ খুন্দাত ৪টাকৈ বনৰীয়া হাতীৰ প্ৰাণ যোৱাত হোজাই জিলাৰ লংকাত ৰাইজে ৰেল বিভাগ-ৰেল মন্ত্ৰীৰ বিৰুদ্ধে মূৰ্দাবাদ ধ্বনি দিয়াৰ সময়তে ৰঙিয়াত ৰেল বিভাগৰ অমানৱীয় কাণ্ডই জোকাৰিছে সমগ্ৰ ৰঙিয়াক৷ নিয়ম ভঙাই এতিয়া নিয়মত পৰিণত হৈছে ৰেল বিভাগৰ৷ ৰঙিয়া ৰেল জংচনত জিআৰপিএফৰ এক অমানৱীয় কাণ্ডক কোনেও সহজে লব পৰা নাই৷
ৰঙিয়া আৰু চাংসাৰীৰ মাজত ৰেল আগত পৰি এগৰাকী লোকৰ মৃত্যু হয়৷ অচিনাকী লোকজনৰ মৃত্যু হোৱাৰ পিছতেই মৃতদেহটো ৰঙিয়া জি আৰ পি এফে শনিবাৰে উদ্ধাৰ কৰি ৰঙিয়া ষ্টেছনলৈ আহে। ৰঙিয়া ৰেল ষ্টেছনত মৃতদেহটো অনাৰ পিচত ওৰে নিশা বাঁহত বান্ধি ফুট ব্ৰিজত ওলোমাই থয়। ভাৰতীয় সভ্যতা-পৰম্পৰা অনুযায়ী মৃত্যুৰ পিচত এজন লোকক সন্মান প্ৰদৰ্শন কৰা হয়৷