ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত মালদ্বীপৰ ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনে সোমবাৰে সংসদত ত্ৰিশ দিনৰ বাবে জৰুৰী অৱস্থা বৃদ্ধি কৰাৰ আৰ্জি জনাইছিল৷ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা সমিতিৰ পৰামৰ্শ মতে সাংবিধানিক সংকটৰ পৰা মুক্ত হ’বলৈ জৰুৰী অৱস্থাৰ বৃদ্ধি কৰাৰ সংসদত আহ্বান জনোৱাৰ পিছতেই চীনে সুবিধা লোৱাৰ কথা পোবৰলৈ আহিছে৷
দেশ খনত জৰুৰী অৱস্থা অব্যাহত থকাৰ সময়তে চুবুৰীয়া দেশ মালদ্বীপত থিতাপি লোৱাৰ সুবিধা লৈ ভাৰতক চাপত ৰখাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে চীনে৷ জৰুৰী অৱস্থা দিশে গতি কৰাৰ লগে লগে সুবিধা লৈছে ৰঙা চীনে৷ দেশ খনত সাংবিধানিক সংকট স্পষ্ট হৈ পৰাৰ সময়তে চীনে মালদ্বীপত যুদ্ধ জাহাজ অৱস্থান কৰাৰ খবৰ আহিছে৷