নগাঁও/ছিপাঝাৰঃ এতিয়া যেন ৰাজ্যত পৰীক্ষাৰ বতৰ৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাকেন্দ্ৰীক অধ্যয়ণত ব্যস্ত হৈ থকাৰ পিছতেই হাইস্কুল পৰীক্ষা অনুষ্ঠিত হয়৷ প্ৰকৃততে বিদ্যালয় অথবা মহাবিদ্যালয়ৰ স্তৰৰ সমূহ পৰীক্ষা সুকলমে পাৰ কৰিব পাৰিলেহে অৰ্থাৎ এই পৰীক্ষাবোৰত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় ছাত্ৰ-ছাত্ৰীয়ে৷ তাৰ ফলত এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷
সেয়ে পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বহুদিনৰ আগৰে পৰা এটি খুব ভাল ফলাফল লাভৰ আশাৰে যুদ্ধংদেহী মনোভাবেৰে মনপুতি পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ সময়তে বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা৷ ৰাজ্যত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।