তিনিচুকীয়াঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ দ্বাৰা তিনিচুকীয়াৰ গুইজান গটং খেলপথাৰত অহা ১৫, ১৬ আৰু ১৭ মাৰ্চত অাদিৱাসী আদিবিম্ব শীৰ্ষক জনজাতীয় লোকনৃত্য, লোকগীত আৰু লোকনাট্য মহোৎসৱ অনুষ্ঠিত হ’ব।
উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে পশ্চিম বংগ, ঝাৰখণ্ডৰ নৃত্য,গীত আৰু নাট্যৰ দলে অংশগ্ৰহণ কৰিবলগীয়া এই জনজাতি মহোৎসৱৰ পৰিকল্পনা আৰু পৰিচালনা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰতৰ আগশাৰীৰ নাট পৰিচালক ৰতন থিয়ামৰ।