ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ত জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পুনৰ বিয়া পাতিবৰ বাবে অনুমতি বিচাৰি আৱেদন জনায়৷ ২০০৯ চনৰ পৰাই পত্নীৰ পৰা আঁতৰত থকা ওমৰে বিয়া পতাৰ অনুমতি বিচাৰি ইতিমধ্যে নিম্ন আদালতত আৱেদন জনাইছিল যদিও আদালতে এই আৱেদন খাৰিজ কৰে৷
পত্নী পায়েল আব্দুল্লাৰ পৰা তালাক বিচাৰি ওমৰ আব্দুল্লাই ইতিমধ্যে আদালতত বিবাহ বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰিছিল৷ আৱেদনত ওমৰ আব্দুল্লাই বিবাহ বিচ্ছেদ বিচৰাৰ লগতে পুনৰাই বিয়া কৰাব বিচৰাৰ কথা উল্লেখ কৰে৷