চাবুৱাঃ আমাৰ ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে যদিও তেওঁ ডিব্ৰুগড় জিলাৰ হে বাসিন্দা৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাঁৱত ঘৰ মুখ্যমন্ত্ৰীগৰাকীৰ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন উৎসৱ পাৰ্বনে নিজ ঘৰ খনত উপস্থিত নিজ গাঁও খনৰ লগতে নিজৰ অঞ্চলটোৰ উন্নয়ন কৰাৰ কথা বাৰে বাৰে কৈ আহিছে৷ যোৱা বৃহস্পতিবাৰেও মুখ্যমন্ত্ৰীগৰাকীয়ে চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাঁৱত উপস্থিত হৈ ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে গৰাখনীয়া ৰোধ কৰাৰ লগতে দলং নিৰ্মাণৰ নিৰ্দেশ দিয়ে৷
